Psalms 128

আৰোহন-যাত্ৰাৰ সঙ্গীত।

1ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
2তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা,
তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।


3তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব;

তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তানসকল জিতগছৰ পুলিৰ নিচিনা হ’ব।
4এইদৰে, যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।

5যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব;
তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা।
ইস্ৰায়েলৰ ওপৰত শান্তি হওক!
6

Copyright information for AsmULB